নগাঁও জিলাত ৰূপায়িত কেইবাখনো কৃষি আঁচনি আৰু এই আঁচনিৰ কামকাজসমূহৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত আয়োজিত কৃষি বিভাগৰ এই পর্যালোচনা বৈঠকত প্রধানমন্ত্রী কিষাণ সন্মান নিধি, এগ্রিষ্টেকৰ অধীনত কৃষক পঞ্জীয়ন তথা ২০২৬-২৭ বিত্তীয় বৰ্ষৰ অন্যান্য গুৰুত্বপূৰ্ণ কৃষি কাৰ্যসূচীসমূহৰ ৰূপায়ণ তথা অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰা হয়। ইয়াৰ উপৰি এই পদক্ষেপসমূহ যাতে সঠিক আৰু ফলপ্ৰসূভাৱে কাৰ্যকৰি কৰিব পৰা যায় আৰু প্ৰতিগৰাকী যোগ্য কৃষকে যাতে আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে সেই সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। জিলা আয়ুক্তৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত, জিলা কৃষি বিষয়া আৰু কৃষি বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
Assamese | October 27, 2026 12:01 PM | Nagoan
নগাঁও জিলাত ৰূপায়িত কেইবাখনো কৃষি আঁচনিৰ কামকাজসমূহৰ বুজ লোৱাৰ উদ্দেশ্যে পর্যালোচনা বৈঠক অনুষ্ঠিত