September 25, 2026 7:48 PM

views 10

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ মৰিগাওঁ জিলাত ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাওঁ জিলা আয়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়া আৰণ্যক শ‍ইকীয়া আৰু মৰিগাওঁ জিলা আয়ুক্ত সৃষ্টি সিঙে আজি যৌথভাৱে মৰিগাওঁ মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। এই কেন্দ্ৰসমূহ নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাওঁ জিলাৰ অংশসমূহৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। পৰিদৰ্শনৰ সময়ত দুয়োগৰাকী জিলা আয়ুক্তই ষ্ট্ৰং ৰূম আৰু গণনা কেন্দ্ৰত ই ভি এম সমূহৰ সুৰক্ষিত সংৰক্ষণ আৰু ভোট গণনা প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ব্যৱস্থা আৰু নিৰা...

September 11, 2026 7:42 PM

views 9

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ সন্দৰ্ভত আৰণ্যক শ‍ইকীয়াৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন আজি সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টি ভিত্তিকভাৱে ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটড্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে যাদৃচ্ছিকভাৱে আৱণ্টন কৰা হয়। সকলো মূল ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন এই কাৰ্যসূচীত অতিৰ...

September 9, 2026 10:53 AM

views 19

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি নির্বাচনী অধিসূচনা জাৰি

অহা ৬ অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে আজি নির্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয়, যে উপ-নির্বাচনৰ বাবে সমষ্টিটোত দুহেজাৰ ৩৩০টা ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা ১৫ ছেপ্তেম্বৰত প’লিং-প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়। নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতি গ্রহণ কৰিছে। উপ-নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ...

September 8, 2026 11:46 AM

views 25

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলৱৎ

নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কালিৰেপৰা নিৰ্বাচনী আচৰণ বিধি প্রযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্যক শ‍ইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সংবাদমেলতখনত তেওঁ কয়, যে নির্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, ১৭ চেপ্তেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু ১৯ চেপ্তেমম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা...

July 21, 2026 7:34 PM

views 16

নগাওঁৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ পিয়ুষ হাজৰিকাৰ

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয়ৰ লেখিয়া আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। নগাওঁ জিলাৰ চামগুৰি সমষ্টিৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰৱৰ্তন কৰা এই যুগান্তকাৰী আঁচনিয়ে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক ...

July 20, 2026 7:17 PM

views 26

বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত ভূমিপট্টা বিতৰণ কাৰ্য্যসূচীত পীয়ূষ হাজৰিকাৰ অংশগ্ৰহণ

নগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত নগাওঁ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্য্যসূচীত কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই অংশগ্ৰহণ কৰে। পট্টাসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ অধিকাৰ প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা, আত্মমৰ্য্যদা, পৰিচয় আৰু ভৱিষ্যতৰ ভেটি। আজি এই অনুষ্ঠানত ৮১ টা পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা অৰ্পণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ যিসকল হিতাধিকাৰীয়ে মহিলা উদ্যমিতা আঁচনি লাভ কৰা নাছিল তেওঁলোকলৈ এই আঁচনিৰ চেক সমূহ আন...

June 29, 2026 8:27 PM

views 26

বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিকৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱাৰ পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰাপথৰ সৌন্দৰ্যবৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে।

June 6, 2026 7:56 PM

views 27

আকাশবাণীৰ ৯০বৰ্ষপূৰ্তি উপলক্ষে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ আজি ৰেডিঅ’ বিতৰণ

আকাশবাণীয়ে পৰহিলৈ ৯০ বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আজি ৰেডিঅ' বিতৰণ কৰে। সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আৰু সঞ্চালক ৰাহুল দেৱ বৰদলৈৱে জনোৱা অনুসৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ একালৰ শিল্পী প্রয়াত হৰিমাই বৰা আৰু প্ৰয়াত শুকুৰাম কোচৰ সোঁৱৰণত নগাঁৱৰ খুটীকটীয়া নিৱাসী জয়কান্ত বৰাই ৰেডিঅ সমূহ আগবঢ়ায়। উল্লেখযোগ্য যে, মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই বিগত দুটা বৰ্ষত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাক সামৰি প্ৰায় দুশৰো অধিক ৰেডিঅ' ইতিমধ্যে বিতৰণ কৰিছে।

December 19, 2025 6:46 PM

views 51

আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত নগাঁও জিলা প্রশাসনৰ উচ্ছেদ

নগাঁও জিলা প্রশাসনে আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সহযোগত পুৱা ৮ বজাৰ পৰা চলোৱা এই উচ্ছেদ অভিযানত গেৰেকনি বিলৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ মাটি দখলমুক্ত কৰা হয়। আমাৰ নগাঁ জিলাৰ সংবাদদাতাই জনোৱা মতে, গেৰেকনি অঞ্চলৰ কিছুসংখ্যক লোকে বিলখনত পাৰ বান্ধি বৃহৎ পুখুৰী খান্দি বহু বছৰ ধৰি মাছৰ ব্যবসায় কৰি আহিছিল। ইয়াৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষত...

December 18, 2025 6:36 PM

views 44

বিদেশী বুলি ঘোষণা কৰা নগাঁও জিলাৰ ১৫ জন লোকক ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি

বিদেশী ন্যায়াধীকৰণে নগাঁও জিলাৰ ১৫ জন লোকক বিদেশী বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত দেৱাশীষ শর্মাই এটা নির্দেশযোগে লোককেইজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। এই নির্দেশ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ ঠিকনা দিয়া এই লোককেইজনৰ ৰাজ্যৰ অন্যান্য ঠাইতো ঠিকনা আছে।