নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন আজি সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টি ভিত্তিকভাৱে ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটড্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে যাদৃচ্ছিকভাৱে আৱণ্টন কৰা হয়। সকলো মূল ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন এই কাৰ্যসূচীত অতিৰিক্ত জিয়া আয়ুক্ত গোপাল শর্মা, নির্বাচন বিষয়া প্ৰতীশা দত্ত আৰু সহকাৰী আয়ুক্ত শেখৰন ফুকন উপস্থিত থাকে ৷
উল্লেখযোগ্য যে, সমষ্টিটোৰ উপ-নির্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নির্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। এই বৈঠকতে নির্বাচনী ব্যয় পৰ্যৱেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে ইউ পি আই চিৰ উপৰি নিৰ্ধাৰিত ১২ টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলমসূহৰ প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰেপৰা হ’বলগীয়া ই ভি এমৰ ৰেণ্ডমাইজেছন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্রার্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়।