নগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত নগাওঁ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্য্যসূচীত কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই অংশগ্ৰহণ কৰে। পট্টাসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ অধিকাৰ প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা, আত্মমৰ্য্যদা, পৰিচয় আৰু ভৱিষ্যতৰ ভেটি। আজি এই অনুষ্ঠানত ৮১ টা পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা অৰ্পণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ যিসকল হিতাধিকাৰীয়ে মহিলা উদ্যমিতা আঁচনি লাভ কৰা নাছিল তেওঁলোকলৈ এই আঁচনিৰ চেক সমূহ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হয়। অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক বিশিষ্টি ব্যক্তি উপস্থিত থাকে।
Assamese | July 20, 2026 7:17 PM | Nagoan
বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত ভূমিপট্টা বিতৰণ কাৰ্য্যসূচীত পীয়ূষ হাজৰিকাৰ অংশগ্ৰহণ