June 6, 2026 7:56 PM | Nagoan

printer

আকাশবাণীৰ ৯০বৰ্ষপূৰ্তি উপলক্ষে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ আজি ৰেডিঅ’ বিতৰণ

আকাশবাণীয়ে পৰহিলৈ ৯০ বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই আজি ৰেডিঅ’ বিতৰণ কৰে। সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আৰু সঞ্চালক ৰাহুল দেৱ বৰদলৈৱে জনোৱা অনুসৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ একালৰ শিল্পী প্রয়াত হৰিমাই বৰা আৰু প্ৰয়াত শুকুৰাম কোচৰ সোঁৱৰণত নগাঁৱৰ খুটীকটীয়া নিৱাসী জয়কান্ত বৰাই ৰেডিঅ সমূহ আগবঢ়ায়। উল্লেখযোগ্য যে, মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই বিগত দুটা বৰ্ষত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাক সামৰি প্ৰায় দুশৰো অধিক ৰেডিঅ’ ইতিমধ্যে বিতৰণ কৰিছে।