অহা ৬ অক্টোবৰত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে আজি নির্বাচনী অধিসূচনা জাৰি কৰা হ’ব। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয়, যে উপ-নির্বাচনৰ বাবে সমষ্টিটোত দুহেজাৰ ৩৩০টা ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা ১৫ ছেপ্তেম্বৰত প’লিং-প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ’ব বুলি তেওঁ কয়।
নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতি গ্রহণ কৰিছে। উপ-নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নির্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যেৰে কালি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নির্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলৱৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে