September 8, 2026 11:46 AM | Nagoan

printer

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলৱৎ

নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কালিৰেপৰা নিৰ্বাচনী আচৰণ বিধি প্রযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্যক শ‍ইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সংবাদমেলতখনত তেওঁ কয়, যে নির্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, ১৭ চেপ্তেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু ১৯ চেপ্তেমম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ লগতে ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ উপ-নির্বাচনত প্ৰায় ১৯ লাখ ৭ হাজাৰ ২০৯ গৰাকী ভোটাৰে উপ নিৰ্বাচনত নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত নগাওঁ জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে- ধিং, ৰূপহীহাট, চামগুৰি, ৰহা আৰু নগাওঁ-বটদ্ৰৱা সমষ্টি। আনহাতে, মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগীৰোড আৰু মৰিগাওঁ বিধানসভা সমষ্টি। নগাওঁ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বাবে নগাওঁ চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনৰ সা-সামগ্রী বিতৰণ, স্ট্রং ৰূম স্থাপন কৰাৰ উপৰি দুয়োখন বিদ্যালয়তে ভোটগণনা প্রক্রিয়া অনুষ্ঠিত হব।