মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয়ৰ লেখিয়া আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। নগাওঁ জিলাৰ চামগুৰি সমষ্টিৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰৱৰ্তন কৰা এই যুগান্তকাৰী আঁচনিয়ে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সক্রিয়ভাৱে অৱদান যোগাবলৈ সক্ষম কৰি তুলিছে। কোনো ধৰণৰ বৈষম্য অবিহনে ৰাজ্যৰ সকলো শ্ৰেণীৰ সমবিকাশৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ পুনৰ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বর্তমান চৰকাৰে মহিলাসকলক স্বাৱলম্বি হিচাপে গঢ়ি তোলাৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। পৰৱৰ্তী সময়তো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অভূতপূর্ব সুযোগ সুবিধাৰ সৃষ্টিৰে চৰকাৰে কাম কৰি যাব বুলি তেঁও মন্তব্য কৰে। তেওঁ লগতে হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
Assamese | July 21, 2026 7:34 PM | Nagoan
নগাওঁৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ পিয়ুষ হাজৰিকাৰ