September 25, 2026 7:48 PM | Nagoan

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ মৰিগাওঁ জিলাত ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাওঁ জিলা আয়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়া আৰণ্যক শ‍ইকীয়া আৰু মৰিগাওঁ জিলা আয়ুক্ত সৃষ্টি সিঙে আজি যৌথভাৱে মৰিগাওঁ মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। এই কেন্দ্ৰসমূহ নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাওঁ জিলাৰ অংশসমূহৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। পৰিদৰ্শনৰ সময়ত দুয়োগৰাকী জিলা আয়ুক্তই ষ্ট্ৰং ৰূম আৰু গণনা কেন্দ্ৰত ই ভি এম সমূহৰ সুৰক্ষিত সংৰক্ষণ আৰু ভোট গণনা প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ব্যৱস্থা আৰু নিৰাপত্তা প্ৰটকল সমূহ পৰ্য্যালোচনা কৰে। ইয়াৰোপৰি সমাগত উপনির্বাচনক কেন্দ্ৰ কৰি জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়া সকলো গ্রহণ কৰা সামগ্ৰিক প্ৰস্তুতি আৰু নিৰাপত্তা ব্যৱস্থা সমূহ এই পৰিদৰ্শনৰ অংশ আছিলে।

নগাওঁ লোকসভাৰ উপ-নির্বাচনৰ ই ভি এম- বি ভি পেড বিতৰণ আৰু ভোটগণনাৰ বাবে দায়িত্বপ্রাপ্ত সহকাৰী ৰিটাণিং বিষয়াসকলৰ নাম ঘোষণা কৰা হৈছে। এই নিৰ্বাচনৰ ৰিটাণিং বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই আজি প্ৰকাশ কৰা অনুসৰি ধিং, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে ডছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্ট্রং ৰূম আৰু গণনাকক্ষ স্থাপন কৰাৰ বিপৰীতে নগাওঁ-বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ বাবে নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, অহা ৬ অক্টোবৰত এই উপ-নিৰ্বাচনৰ ভোটগ্রহণ কৰা হ’ব।