আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি গুৱাহাটীত আফ্রিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বিষয়ত এখন ৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ ১১ খন ৰাজ্যৰ নীতি নিৰ্ধাৰক, বিজ্ঞানী আৰু পশু চিকিৎসা বিশেষজ্ঞসকলৰ লগতে কেনিয়া আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰি ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ফলপ্রসূ নীতিগত আন্তঃগাঁথনি প্রস্তুত কৰাৰ বাবে আলোচনা কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ আয়ুক্ত ড০ নবীনা বি মহেশ্বৰপ্পা, আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ মহা পৰিচালক এপ’লেনেয়াৰ জিকেঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | July 21, 2026 7:36 PM | Guwahati
গুৱাহাটীত আজি আফ্রিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বিষয়ত ৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত