September 8, 2026 12:51 PM | Guwahati

printer

দ্বিতীয় নর্থ-ইষ্ট কুংফু ফেডাৰেচন কাপ, ২০২৬ ত বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈৰ সাফল্য লাভ

গুৱাহাটীৰ পাটাবজাৰৰ গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নর্থ-ইষ্ট কুংফু ফেডাৰেচন কাপ, ২০২৬ ত বিশ্বনাথৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈয়ে সাফল্য লাভ কৰিছে। কুংফু স্পৰ্টছ এছ’চিয়েচন অব্ আছামৰ উদ্যোগত আৰু নৰ্থ-ইষ্ট কুংফু স্পৰ্টছ ফেডাৰেচনৰ সহযোগত যোৱা ৫ আৰু ৬ ছেপ্তেম্বৰত অনুষ্ঠিত প্রতিযোগিতাত গায়ত্ৰী মাঝি, বিশিষ্টা শৰ্মা, প্ৰেৰণা শৰ্মা আৰু বৃষ্টি বন্যা চাহুৱে সোণৰ পদক লাভ কৰে। জিষ্ণু দাস আৰু ভব্য শ‍ইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।