যক্ষ্মামুক্ত অসম গঢ়াৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম ৰাজ্যিক যক্ষ্মা বিভাগে গুৱাহাটীত অনুষ্ঠিত কৰা দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ স্বাস্থ্যকৰ্মীসকলে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ক্ষেত্ৰ পৰ্যায়ৰ কাম-কাজসমূহ সুচাৰুৰূপে সম্পন্ন কৰা আৰু স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক ফলপ্রসূ কৰি তোলাৰ দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত গুৰুত্বপূর্ণ চিকিৎসা সম্পৰ্কীয় নতুন তথ্য আৰু নিৰ্দেশনাসমূহ প্ৰদান কৰা হয়। ৰাজ্যিক যক্ষ্মা বিষয়া, ৰাজ্যিক ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূল কাৰ্যসূচীৰ বিষয়া, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা আৰু ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ অংশীদাৰসকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ বিভিন্ন বিষয়ত বিশদভাৱে আলোচনা কৰে। বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ বাবে নতুন পদ্ধতি প্রয়োগ, উন্নত মানৰ চিকিৎসা পদ্ধতি, তৃণমূল পৰ্যায়ৰ ৰোগীৰ যতন আৰু চৰকাৰী-বেচৰকাৰী সংস্থাৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয়। কাৰ্যসূচীত অংশ লৈ ৰাজ্যৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ প্রদীপ কুমাৰ দাসে কয় যে যক্ষ্মা ৰোগৰ চিকিৎসা লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰাৰ বাবে জিলা পৰ্যায়ত শক্তিশালী আৰু সক্ৰিয় নেতৃত্বৰ অত্যন্ত প্রয়োজন। জনসাধাৰণৰ মাজত যক্ষ্মা নিৰ্মূলৰ বাবে সংশোধিত নির্দেশনাসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ তেওঁ বিষয়াসকলক আহ্বান জনায়।
Assamese | September 3, 2026 7:38 PM | Guwahati
অসম ৰাজ্যিক যক্ষ্মা বিভাগে গুৱাহাটীত অনুষ্ঠিত কৰা দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি