গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ- মাতৃসহ দুটি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষিপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত চাৰিওজনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জুইত জাহ যায়। পিছত আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু এছ ডি আৰ এফৰ লোকে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়।
Assamese | June 5, 2026 11:46 AM | Guwahati
গুৱাহাটী মহানগৰীত সংঘটিত অগ্নিকাণ্ডত পিতৃ-মাতৃসহ দুটি সন্তানৰ মৃত্যু