গুৱাহাটী মহানগৰীৰ যানবাহন আৰক্ষীয়ে যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে

গুৱাহাটী মহানগৰীৰ যানবাহন আৰক্ষীয়ে যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

ৰাজ্যিক সজাগ কৰাৰ উদ্দেশ্যে আজি পানবজাৰত আয়োজিত এখন সংবাদ মেলত উপ-আৰক্ষী আয়ুযক্ত জয়ন্ত সাৰথি বৰাই কয় যে অসম আৰক্ষী বা গুৱাহাটীৰ যান-বাহন আৰক্ষী ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয়, ৰাইজক সজাগ কৰাৰ বাবেহে যান-বাহন উলংঘাকাৰীক জৰিমনা বিহা হয়।

উপ-আৰক্ষী আয়ুক্ত শ্ৰীবৰাই কয় যে আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী আয়ুক্তৰ নিৰ্দেশ মৰ্মে যোৱা দুমাহৰ পৰা যানবাহন আইন সন্দৰ্ভত সজাগতা চলাই থকা হৈছে, যাতে পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰি।

পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰতি মাহে মুখ্য সচিবৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত কৰা হৈ আহিছে বুলি শ্ৰীবৰাই উল্লেখ
কৰে।