গুৱাহাটীৰ জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পূৰাতাত্বিক, খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত চলিত আৰু নতুন আঁচনি তথা কাৰ্য্যসূচী, বাজেট আবণ্টন ধ্বজাবাহী কাৰ্য্যবাহী, ক্ৰয় পৰিকল্পনা আৰু অনাগত কাৰ্য্যসূচীসমূহৰ স্থিতিৰ পুনৰীক্ষণ কৰা হয়। মন্ত্ৰী শ্ৰীদৈমাৰীয়ে সংশ্লিষ্ট কাৰ্য্যালয়সমূহত ৰূপায়ণ হৈ থকা কাৰ্য্যসূচীসমূহৰ পৰ্য্যালোচনা কৰাৰ লগতে বিভাগীয় পদক্ষেপসমূহৰ সফল ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ ঐতিহাসিক, খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। বৈঠকত আই টি এফ চি বিভাগৰ আয়ুক্ত সচিব, অতিৰিক্ত সচিব, সংগ্ৰহালয়, সঞ্চালকালয়ৰ সঞ্চালকৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
Assamese | September 5, 2026 7:17 PM | Gahpur | Guwahati
জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পূৰাতাত্বিক, খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ সন্দৰ্ভত পৰ্য্যালোচনা সভা