December 6, 2025 11:52 AM

views 114

অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন

গুৱাহাটীস্থিত অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি ন্যাসে নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন কৰা হ'ব। ইয়াৰ লগতে ন্যাসে অসম ভিত্তিক আয়োজন কৰা পাণ্ডুলিপি প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগিসকলক এই সভাতে পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষা মন্ত্রী তথা ন্যাসৰ সভাপতি ডাঃ ৰণোজ পেণ্ড মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ন্যাসৰ উপ-সভাপতি তথা সু-সাহিত্যিক অৰূপ কুমাৰ দত্ত এই অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে জানিবলৈ দিয়...

December 5, 2025 6:50 PM

views 65

গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কার্যসূচী

ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্রহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা এই ক্ষেত্রত জনসাধাৰণৰ কৰণীয় সন্দৰ্ভত অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে ভাষণ দিয়ে।

November 22, 2025 8:31 PM

views 74

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৌশিক ৰায়ৰ

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি এই কথা প্রকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ-গুৱাহাটী যাত্রা সুচল আৰু ক্ষীপ্ৰ কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে হাৰাংগাজাওৰ পৰা জাতিঙ্গালৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে হাৰাংগাজাওৰ পৰা নিৰিমবাংলোলৈ ৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম দ্রুতগতিত আগবঢ়িছে। পৰিকল্পনা অনুসৰি ...

October 31, 2025 7:33 PM

views 85

মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা আয়োজন কৰা বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শুশ্রুষা সেতুৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ যুটীয়া সহযোগত আজি দিশপুৰ বিধানসভা সমষ্টিত এই স্বাস্থ্য শিবিৰ সম্পন্ন হয়। দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এই শিবিৰৰ শুভাৰম্ভ কৰে। ১৮ বছৰ অনুর্ধ শিশু আৰু কিশোৰ কিশোৰীৰ প্ৰাথমিক ৰোগ চিনাক্তকৰণ আৰু প্রয়োজনীয় চিকিৎসা সেবা প্রদানৰ উদ্...

September 25, 2025 9:38 PM

views 81

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত উত্তেজিত একাংশ ৰাইজৰ শিল নিক্ষেপ

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত উত্তেজিত একাংশ ৰাইজৰ শিল নিক্ষেপ আহত ১৫ জনৰো অধিক আৰক্ষী, চি আই ডিৰ লোক ক্ষতিগ্ৰস্ত চি আই ডিৰ দুখন বাহন আহত আৰক্ষীৰ লোকসকলক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি

September 25, 2025 10:22 PM

views 128

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে আজিও প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী ছহিদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰ...

September 16, 2025 7:18 PM

views 92

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কর্মশালা

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত পঞ্চায়তীৰাজৰ বিভিন্ন দিশত নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয়। গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক আৰু এই প্ৰতিষ্ঠানৰ শৰাইঘাট সম্প্ৰসাৰণ কেন্দ্ৰৰ উপ-সঞ্চালকৰ লগতে অন্যান্য কেইবাগৰাকী প্ৰশিক্ষকে অংশগ্ৰহণকাৰীসকলক পঞ্চায়তীৰাজৰ কাম-কাজৰ সঠিক ৰূপায়ণ আৰু উন্নয়নৰ বাবে প্ৰশিক্ষণ দিয়...

August 28, 2025 7:17 PM

views 94

গুৱাহাটী মহানগৰীত বিয়লিৰ ভাগত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত

গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰূক্মিনী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰসৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র যান-জঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথাচাৰীসকল কেইবাঘণ্টাজুৰি পথ আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত গু...

August 19, 2025 11:55 AM

views 61

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ ৩ জনীয়া সমিতি গঠন

■ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিজনীয়া সমিতি গঠন কৰি দিছে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি চাংচন, চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিয়ে অহা ৩-৪ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। এই ঘটনাৰ সময়ত দায়িত্বত থকা নাৰ্ছগৰাকীক ৰাজ্য চৰকাৰে ইতিমধ্যে নিলম্বনৰ নিৰ্দেশ দিছে আৰু চিচিটিভি ফুটেজ চাই নিৰপেক্ষভাৱে ঘটনাৰ তদন্...

August 16, 2025 9:09 PM

views 83

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৌহার্দ্যপূর্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে সৌহার্দ্যপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই উভয় ৰাজ্যৰ পাৰস্পৰিক বিকাশ সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকত উভয় ৰাজ্যৰ উন্নয়ন আৰু সহযোগিতামূলক পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।