কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্রকাশ কৰে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্রতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূর্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্যবিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ প্ৰতিফলিত হৈছে। তথ্য অনুসৰি, ১৮ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ২০ৰ পৰা ২৪ বছৰীয়া যুৱতীৰ হাৰ পূৰ্বৰ ৩১.৮ শতাংশৰ পৰা এইবাৰ ২৫.৩ শতাংশলৈ হ্ৰাস পাইছে। একেদৰে ২১ বছৰ পূৰ্বে বিয়াত বহা যুৱকৰ হাৰো ২১.৮ শতাংশৰ পৰা ১৭.৫ শতাংশলৈ অৱনমিত হৈছে।
মহিলা সবলীকৰণ আৰু ডিজিটেল অসমৰ দিশতো উল্লেখনীয় অগ্রগতি লাভ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যত ১০ বছৰ বা ততোধিক কাল বিদ্যালয়ললৈ যোৱা মহিলাৰ সংখ্যা ২৯.৬ শতাংশৰ পৰা ৩৭.১ শতাংশলৈ বৃদ্ধি পাইছে। ফলস্বৰূপে ৰাজ্যত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা পূৰ্বৰ ২৮.২ শতাংশৰ পৰা প্ৰায় দুগুণ বৃদ্ধি পাই ৫৩.৫ শতাংশ স্পৰ্শ কৰিছে। একেদৰে, বেংক একাউণ্ট নিজে পৰিচালনা কৰা মহিলাৰ সংখ্যাও পূৰ্বৰ ৭৮.৫ শতাংশৰ পৰা ৯১.৭ শতাংশলৈ বৃদ্ধি পাইছে।
মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসমে আশানুৰূপ সফলতা লাভ কৰিছে। চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত সন্তান প্ৰসৱৰ হাৰ ৮৪ শতাংশৰ পৰা প্ৰায় ৮৮ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে এবছৰৰ পৰা দুবছৰৰ শিশুৰ সম্পূৰ্ণ টিকাকৰণৰ হাৰ পূৰ্বৰ ৬৬.৭ শতাংশৰ পৰা ৮১.৭ শতাংশলৈ বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ ক্ষেত্ৰতো অসমে গতিলাভ কৰিছে। পাঁচ বছৰ অনুৰ্দ্ধন শিশুৰ ক্ষেত্ৰত দেখা পোৱা শাৰিৰীক বৃদ্ধিৰ প্ৰতিবন্ধকতাৰ হাৰ ৩৫.৩ শতাংশৰ পৰা ৩০.৩ শতাংশলৈ, আৰু জোখতকৈ কম ওজনৰ শিশুৰ হাৰ ৩২.৮ শতাংশৰ পৰা ৩০.৭ শতাংশলৈ হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইবছৰ মানত ৰাজ্যত ৰূপায়িত হোৱা বিভিন্ন কল্যাণকামী আঁচনি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবেই অসমে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Assamese | June 1, 2026 10:10 PM | Akashvani News | Assam | Census | Guwahati
২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা