September 17, 2026 1:04 PM

views 7

ৰাজ্যৰ ৩৩ খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ

ৰাজ্যৰ ৩৩ খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰী সকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্রক্রিয়া সম্পন্ন কৰিব।

September 16, 2026 1:07 PM

views 9

চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ

চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰী সকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্রক্রিয়া সম্পন্ন কৰিব।

August 22, 2026 1:36 PM

views 36

ৰাজ্যৰ দক্ষিণ শালমাৰা মানকাচৰত লোকপিয়ল অব্যাহত

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো লোকপিয়ল অব্যাহত আছে। লোকপিয়লৰ গৃহ তালিকাভুক্ত কার্যত যাতে কোনো ঘৰ বাদ নপৰে, তাৰবাবে জিলা প্রশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে 99548-53411 নম্বৰত ফোন কৰি কোনো এলেকাত যদি বর্তমানলৈকে গণনাকাৰী বিষয়া উপস্থিত হোৱা নাই অথবা কোনো ঘৰ বাদ পৰি গ'লে এই বিষয়ে জিলা প্রশাসনক অৱগত কৰিব পাৰিব বুলি জিলাখনৰ লোকপিয়লৰ মুখ্য প্রশিক্ষক ৰাফিউল আলম আহমেদে প্রকাশ কৰিছে। উল্লেখযোগ্য যে জিলাখনত বৰ্তমানলৈকে ঘৰে ঘৰে গৈ লোকপিয়লৰ তথ্য সংগ্ৰহৰ কাম প্রায় ৯৫ ...

June 1, 2026 10:10 PM

views 58

২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্রকাশ কৰে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্রতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূর্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্যবিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ প্ৰতিফলিত হৈছে। তথ্য অনুসৰি, ১৮ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ২০ৰ পৰা ২৪ বছৰীয়া যুৱতীৰ ...

December 3, 2025 11:12 AM

views 84

২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ প্ৰথম পৰ্যায় আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ ২০২৭ চনৰ ১ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হ'ব

June 16, 2025 6:57 PM

views 63

পৰৱৰ্তী লোকপিয়লৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। গৃহ মন্ত্ৰ্যালয়ৰ পৰা জাৰি কৰা এই অধিসূচনা অনুসৰি ২০২৭ বৰ্ষৰ ১ মাৰ্চৰ দিনটো এই লোকপিয়লৰ ভিত্তি তাৰিখ হিচাপে ধাৰ্য কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ বৰফাবৃত্ত এলেকাসমূহৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাবে এই ভিত্তি তাৰিখ হ’ব ২০২৬ চনৰ ১ অক্টোবৰ৷

June 4, 2025 8:01 PM

views 68

২০২৭ চনৰ ১ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ জাতি-ভিত্তিক লোকপিয়লৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৭ চনৰ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ সমগ্ৰ দেশতে জাতি-ভিত্তিক লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ তুষাৰপাত হোৱা অঞ্চলসমূহত ইয়াৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰক ভিত্তি-তাৰিখ হিচাপে লোৱা হ'ব। জাতি-ভিত্তিক লোকপিয়লৰ বাবে অহা ১৬ জুনত আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, দেশত ২০১১ চনত অনুষ্ঠিত শেহতীয়া লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াৰ...