August 22, 2026 1:36 PM | Census

printer

ৰাজ্যৰ দক্ষিণ শালমাৰা মানকাচৰত লোকপিয়ল অব্যাহত

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো লোকপিয়ল অব্যাহত আছে। লোকপিয়লৰ গৃহ তালিকাভুক্ত কার্যত যাতে কোনো ঘৰ বাদ নপৰে, তাৰবাবে জিলা প্রশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে 99548-53411 নম্বৰত ফোন কৰি কোনো এলেকাত যদি বর্তমানলৈকে গণনাকাৰী বিষয়া উপস্থিত হোৱা নাই অথবা কোনো ঘৰ বাদ পৰি গ’লে এই বিষয়ে জিলা প্রশাসনক অৱগত কৰিব পাৰিব বুলি জিলাখনৰ লোকপিয়লৰ মুখ্য প্রশিক্ষক ৰাফিউল আলম আহমেদে প্রকাশ কৰিছে।

উল্লেখযোগ্য যে জিলাখনত বৰ্তমানলৈকে ঘৰে ঘৰে গৈ লোকপিয়লৰ তথ্য সংগ্ৰহৰ কাম প্রায় ৯৫ শতাংশ সম্পূর্ণ হৈছে। ৭২২ গৰাকী গণনাকাৰী বিষয়া আৰু ১০৫ গৰাকী নিৰীক্ষকে এই কার্য সুচাৰুৰূপে পৰিচালনা কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।