September 17, 2026 1:04 PM | Census

printer

ৰাজ্যৰ ৩৩ খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ

ৰাজ্যৰ ৩৩ খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ’ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰী সকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্রক্রিয়া সম্পন্ন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।