অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা আয়োজন কৰা বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শুশ্রুষা সেতুৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ যুটীয়া সহযোগত আজি দিশপুৰ বিধানসভা সমষ্টিত এই স্বাস্থ্য শিবিৰ সম্পন্ন হয়। দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এই শিবিৰৰ শুভাৰম্ভ কৰে। ১৮ বছৰ অনুর্ধ শিশু আৰু কিশোৰ কিশোৰীৰ প্ৰাথমিক ৰোগ চিনাক্তকৰণ আৰু প্রয়োজনীয় চিকিৎসা সেবা প্রদানৰ উদ্দেশে এই শিবিৰৰ আয়োজন কৰা হয়।
Assamese | October 31, 2025 7:33 PM | Guwahati
মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন