কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত পঞ্চায়তীৰাজৰ বিভিন্ন দিশত নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয়। গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক আৰু এই প্ৰতিষ্ঠানৰ শৰাইঘাট সম্প্ৰসাৰণ কেন্দ্ৰৰ উপ-সঞ্চালকৰ লগতে অন্যান্য কেইবাগৰাকী প্ৰশিক্ষকে অংশগ্ৰহণকাৰীসকলক পঞ্চায়তীৰাজৰ কাম-কাজৰ সঠিক ৰূপায়ণ আৰু উন্নয়নৰ বাবে প্ৰশিক্ষণ দিয়ে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী আৰু সভাপতি নিপন ভূঞায়ো এই কর্মশালাত অংশগ্ৰহণ কৰে।
Assamese | September 16, 2025 7:18 PM | Akashvani | Akashvani News | Guwahati
কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কর্মশালা