২০২৬ চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কালি গুৱাহাটীত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সন্দর্ভত এখন কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত ৰাজ্যৰ সকলো জিলা নির্বাচনী বিষয়া আৰু প্ৰথম পৰ্যায়ৰ পৰীক্ষণ তত্বাবধায়কসকলে অংশগ্রহণ কৰে। নির্বাচন আয়োগৰ জ্যেষ্ঠ উপ-নির্বাচনী আয়ুক্ত মনীষ গাৰ্গ আৰু অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত এই কর্মশালাত নির্বাচনী প্রক্রিয়াত স্বচ্ছতা নিশ্চিত কৰিবলৈ ই ভি এম পৰিচালনাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিয়মসমূহৰ বিষয়ে আলোচনা কৰা হয়। কর্মশালাত হায়দৰাবাদৰ ইলেক্ট্রনিকছ কর্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ কাৰিকৰী বিশেষজ্ঞসকলে ই ভি এম আৰু ভিভিপেটৰ বিভিন্ন দিশ সামৰি পৰামৰ্শ আগবঢ়ায়। ৰাজ্যৰ সকলো জিলাতে অহা ১১ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্রক্রিয়া অনুষ্ঠিত হ’ব বুলি ৰাজ্যৰ যুটীয়া মুখ্য নির্বাচনী বিষয়াই কালি এটা প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰে।
Assamese | December 8, 2025 11:45 AM | Guwahati
গুৱাহাটীত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সন্দর্ভত কর্মশালা অনুষ্ঠিত