June 30, 2026 6:34 PM | Guwahati

printer

গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দৰ ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষীৰ তথ্য লাভ

গুৱাহাটী মহানগৰীৰ খাৰঘূলিত আজি ৩৭ কিলোগ্রাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদ মেলত উপ-আৰক্ষী আয়ুক্ত সম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্রাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ লোকও এই ঘটনাৰ সৈতে জড়িত থকাৰ শুংসূত্ৰ পোৱা গৈছে বুলি উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে সৰ্ববৃহৎ পৰিমাণ সোণ জব্দৰ ঘটনা। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্রায় ৫৫ কোটি টকা বুলি তেওঁ প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ ছাংলি জিলাৰ বাসিন্দা অক্ষয় বাংচোডে’ক গ্ৰেপ্তাৰ কৰি সোধা-পোচা কৰি থকা হৈছে। ইয়াৰ পূৰ্বে লোকজনে ২০ কিলোগ্রাম সোণ সৰবৰাহ কৰিছিল। কালি চতুৰ্থবাৰ সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহানগৰ আৰক্ষীয়ে এই ঘটনা সদৰ্ভত তদন্তকাৰী সংস্থাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছে বুলি উপ- আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।