October 4, 2026 6:38 PM | Guwahati

printer

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত বিহাৰৰ এজন যুৱকক গ্ৰেপ্তাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীৰ এটা দলে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পম খেদি বিশেষ কার্যবাহিনীয়ে দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ পূৱ চম্পাৰণৰ অভিষেক কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। সেনা বাহিনীৰ তেজপুৰস্থিত গজৰাজ কৰ্পৰ্ছৰ চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহযোগত বিশেষ কার্যবাহিনীয়ে চলোৱা অনুসন্ধানত অভিযুক্ত লোকজন দেশ বিৰোধী কার্যকলাপত লিপ্ত থকাৰ তথ্য পোহৰলৈ আহে। এই তথ্যৰ আধাৰত কালি নিশা গুৱাহাটী মহানগৰৰ সাতগাওঁ থানাৰ অন্তৰ্গত গান্ধী নগৰত অভিযান চলাই অভিযুক্ত সিঙক এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সময়ত অভিযুক্ত লোকজনৰ পৰা আৰক্ষীয়ে মোবাইল, ছীমকার্ডসহ বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে। বিশেষ কাৰ্যবাহিনীৰ প্রাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি অভিযুক্ত সিঙে সুৰক্ষা বাহিনী সম্পৰ্কীয় গোপন তথ্য পাকিস্তানৰ চোৰাংচোৱাক যোগান ধৰি আহিছে। ঘটনা সন্দৰ্ভত বিশেষ কার্যবাহিনীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।