October 3, 2026 11:25 AM | silshar

printer

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া পুৱা চাৰে সাত বজাৰ পৰা আৰম্ভ হৈছে। বিয়লি চাৰি বজালৈ হ’বলগীয়া ভোটগ্ৰহণত ৪২ টা ৱাৰ্ডৰ বাবে মুঠ ১৩৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ’ব । বিজেপিৰ মনোনীত প্রার্থীয়ে ইতিমধ্যে দুটা ৱাৰ্ডত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে ৩০৩টা ভোটগ্রহণ কেন্দ্ৰত ভোটদান প্রক্রিয়া চলি আছে।

ইফালে, ৰাজ্যিক নির্বাচন আয়োগে আজি ভোটগ্রহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পোষ্টাৰ, বেনাৰ, মাইক্ৰ’ফোন আদিৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ভোটদাতা অহা-যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। উল্লেখযোগ্য যে, ভোটদান প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।