শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজা পর্যন্ত ৪২ টা ৱাৰ্ডৰ মনোনীত প্রার্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্রার্থীসকলেও বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। মনোনীত প্রার্থীসকলে দলীয় কর্মী আৰু শুভাকাংক্ষীসকলে হাতে হাতে দলীয় পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অহা ১৪ ছেপ্তেম্বৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু ১৭ ছেপ্তেম্বৰত বিয়লি তিনি বজা পর্যন্ত প্রার্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন অহা ৩ অক্টোবৰত অনুষ্ঠিত হ’ব।
Assamese | September 11, 2026 7:54 PM | silshar
অহা ৩ অক্টোবৰত শিলচৰ পৌৰ নিগম নিৰ্বাচন অনুষ্ঠিত