শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে আজি দলৰ পৌৰ এলেকা উন্নয়ন সংকল্প পত্ৰ উন্মোচন কৰে। শিলচৰৰ বংগ ভৱনত আয়োজিত অনুষ্ঠানত এখন স্বচ্ছ, সুন্দৰ আৰু পৰিকল্পিত চহৰ হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰা হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শিলচৰ চহৰৰ পানী সমস্যা বিজ্ঞানসন্মতভাৱে সমাধানৰ বাবে উপযুক্ত আঁচনি প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালকৈ বৰাক উপত্যকাৰ উন্নয়নতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। এই অনুষ্ঠানত খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ সুস্মিতা দেৱকে ধৰি বৰাকৰ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে।
Assamese | September 25, 2026 8:03 PM | silshar
শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে আজি দলৰ পৌৰ এলেকা উন্নয়ন সংকল্প পত্ৰ উন্মোচন