মাদক দ্ৰৱ্যৰ আসক্তসকলৰ চিকিৎসা আৰু পুনৰ্বাসন সুনিশ্চিত কৰাৰ লগতে মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে শিলচৰৰ গান্ধী ভৱনত আজি এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। স্বেচ্ছাসেৱী সংস্থা ৰুট টু কানেক্ট আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক কার্যপৰিকল্পনা আৰু ৰাষ্ট্ৰীয় মাদক চাহিদা হ্রাস কার্যপৰিকল্পনাৰ অংশ হিচাপে এই সভাৰ আয়োজন কৰা হয়। সভাখনত এখন সংবাদ মেল সম্বোধন কৰি অতিৰিক্ত জিলা আয়ুক্তই শাৰিৰীক আৰু মানসিক দিশত মাদক দ্ৰৱ্যৰ কুপ্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰে। মাদক দ্ৰৱ্যৰ আসক্তি প্ৰতিৰোধ আৰু সজাগতাৰ ক্ষেত্ৰত কাছাৰ জিলাৰ সংবাদ মাধ্যমৰ ভূমিকা সম্পর্কে সভাখনত বিতংভাৱে আলোচনা কৰা হয় ৷
Assamese | September 9, 2025 7:25 PM | silshar
শিলচৰত মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে সভাৰ আয়োজন