November 3, 2026 11:18 AM | CM

printer

বাৰ্ষিক প্ৰায় এহেজাৰ ১৪ কোটি টকাৰ ৰাজহ সংগ্ৰহেৰে ডিমা হাচাওৰ বিশেষ সফলতা লাভ

ডিমা হাচাওৱে বাৰ্ষিক প্ৰায় এহেজাৰ ১৪ কোটি টকাৰ ৰাজহ সংগ্ৰহেৰে বিশেষ সফলতা লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই ৰাজহৰ ব্যৱস্থাৰে ডিমা হাচাওৰ উন্নয়ন, স্থানীয় ৰাইজৰ অধিকাৰ আৰু প্ৰকৃত স্বায়ত্ত শাসনৰ শক্তিশালী নিদৰ্শন দাঙি ধৰাটো সম্ভৱ হৈ উঠিছে। ৰাজহ সংগ্ৰহৰ সফলতাই স্বায়ত্ত শাসন আৰু সৱলীকৰণৰ প্ৰকৃত নিদৰ্শন দাঙি ধৰা বুলি তেওঁ কয়। এসময়ত উগ্ৰপন্থী সমস্যাৰে জৰ্জৰ পাহাৰীয়া জিলাখনে দাঙি ধৰা বিকাশৰ ছবিখন সকলোৱে জনা উচিত বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে । ড° শৰ্মাই লগতে কয়, যে চূণশিলৰ ৰাজহৰ ৬০ শতাংশ পোনপটীয়াকৈ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদক প্রদান কৰি ৰাজ্য চৰকাৰে পৰিষদ শক্তিশালী কৰাৰ লগতে বিকেন্দ্ৰীকৰণ সফল কৰিছে। শীৰ্ষস্থানীয় চিমেণ্ট কোম্পানীসমূহৰ বাবে ১৩ টা চূণশিল থকা অঞ্চলৰ নিলাম কৰাৰ ফলত ইয়াৰ পৰা ৫০ বছৰত মুঠ ৮৪ হাজাৰ ৫০০ কোটি টকা অর্থাৎ বছৰি এহেজাৰ ৬৯০ কোটি টকাকৈ ৰাজহ ৰাজ্য চৰকাৰে লাভ কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে। স্বায়ত্তশাসিত অঞ্চলসমূহে প্ৰতিটো ক্ষেত্ৰতে দিছপুৰ বা দিল্লীৰ মুখলৈ বাট চাবলগীয়া নোহোৱাটোৱে প্ৰকৃত বিকেন্দ্ৰীকৰণক বুজায় বুলিও তেওঁ কয়।