অহা ১০ বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ বাঁহ খেতিয়কসকল যথেষ্ট উপকৃত হ’ব বুলি তেওঁ কয়। ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰি কালি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসমত উৎপাদিত বাঁহেৰে নির্মিত চাইকেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই প্রয়োগ সফল হ’লে ভৱিষ্যতে ৰাজ্য চৰকাৰে পৃষ্ঠ পোষকতা আগবঢ়াব। বাঁহৰ পৰা ৮০০ বিধ সামগ্ৰী প্ৰস্তুতি কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয়, যে ৰাজ্যৰ থলুৱা বাঁহৰ পৰা উৎকৃষ্ট মানৰ টাইলছ, মিথানল, ইথানল, বহনক্ষম বিমান ইন্ধন আদি প্ৰস্তুত কৰিব পাৰি। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্রহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণ আৰু সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কর্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে এই বাঁহৰ চাইকেল মাত্র ৫ টকাত চাৰ্জ কৰি ৫০ কিলোমিটাৰ চলাব পাৰিব। এই চাইকেলৰ সুৰক্ষাজনিত বিষয়টো ব্যুৰ’ অৱ ইণ্ডিয়া ষ্টেণ্ডার্ডে প্রমাণিত কৰা বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে।