September 25, 2026 7:27 PM | CM

printer

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ উদ্যোগীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ নৰ্থ-ইষ্ট সেৱা ফাৰ্ষ্ট ইন ভেচন চেলেঞ্জ কাৰ্যসূচীৰ শুভাৰম্ভ

উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভাৱনী প্ৰতিভা আৰু যুৱ উদ্যোগীসকলৰ বাবে এখন মঞ্চ প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ-ইষ্ট সেৱা ফাৰ্ষ্ট ইন’ভেচন চেলেঞ্জ ২০২৬ শুভাৰম্ভ কৰে। গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ড০ শৰ্মাই তেওঁৰ ভাষণত কয়, যে যুৱক-যুৱতীসকল কেৱল প্ৰযুক্তি ব্যৱহাৰকাৰী হৈ নাথাকি নতুন প্রযুক্তি আৰু ইয়াৰ সমাধানৰ স্ৰষ্টাও হ’ব লাগিব। নৰ্থ-ইষ্ট সেৱা ফাৰ্ষ্ট ইন ভেচন চেলেঞ্জে এই লক্ষ্যৰে বাস্তৱ জীৱনৰ ৫০ টা মুকলি প্ৰত্যাহ্বানক যুৱ অভিভাৱকসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ হিচাপে আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰ আৰু উদ্যোগৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে আজিৰে পৰা অহা ১০ অক্টোবৰলৈ ৱেবিনাৰ, অৰিয়েচেন কৰ্মশালা আৰু প্ৰচাৰ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগ্ৰহীসকলে অহা ৮ নৱেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিব পাৰিব। ১০ নৱেম্বৰ আবেদনৰ আৰু নৱেম্বৰৰ অন্তিমটো সপ্তাহ চূড়ান্ত পৰ্যায়ৰ দিন ধাৰ্য কৰা হৈছে। উদ্ভাৱনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি প্ৰত্যাহ্বানৰ বাবে দেশৰ যিকোনো ঠাইৰ ষ্টাৰ্ট আপ, উদ্ভাৱক, গৱেষক, পেছাদাৰী ব্যক্তি আৰু শিক্ষাৰ্থীৰ দলে আবেদন কৰিব পাৰিব। প্ৰতিটো নিৰ্বাচিত ষ্টাৰ্ট আপলৈ প্ৰাৰম্ভিক ধাৰণা ৰূপায়ণৰ বাবে ১০ লাখ টকা পৰ্যন্ত অনুদান দিয়া হ’ব। ১৫০টা ষ্টাৰ্ট আপ চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচন কৰা হ’ব।