October 29, 2026 11:35 AM | CM

printer

মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায়ত, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিষ্পত্তি নোহোৱা গোচৰসমূহ পুনৰীক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰে যোগ্য জনজাতীয় পৰিয়াললৈ ৫০ বিঘা পর্যন্ত ভূমি আৱণ্টন দিয়াৰ সিদ্ধান্ত ল’ব, লগতে মিছন বসুন্ধৰা দ্বিতীয় আৰু মিছন বসুন্ধৰা তৃতীয়ত নিষ্পত্তি নোহোৱা গোচৰসমূহ মিছন বসুন্ধৰা চতুৰ্থৰ জৰিয়তে পুনৰীক্ষণ কৰাৰ ব্যৱস্থা কৰা হ’ব। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ জিলা আয়ুক্তসকলৰ লগতে বন বিভাগৰ বিষয়া, জনজাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায়ৰ অধীনত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে প্ৰযোজ্য নীতি-নির্দেশনাসমূহ প’ৰ্টেলত উল্লেখ কৰা, ভূমিৰ অনলাইন আবেদন প্রক্রিয়া সৰল কৰি তোলাৰ অৰ্থে জনগোষ্ঠী দুটাৰ যুৱক- যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত কিস্তিৰ ধন জমা দিব নোৱাৰাৰ ফলত সৃষ্টি হোৱা সমস্যা দূৰ কৰাৰ বাবে ধন জমা দিয়াৰ সময়সীমা বৃদ্ধিকে ধৰি কেইবাটাও ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয়। তেওঁ লগতে মৰাণ আৰু মটক জনগোষ্ঠীৰ ভূমি সম্পৰ্কীয় সমস্যাৰাজিৰ পুংখানুপুংখ আলোচনা কৰি এইসমূহৰ সমাধানৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগ লোৱা হ’ব বুলি আশ্বাস দিয়ে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মা তিনিচুকীয়ালৈ ৰাওনা হয়। তিনিচুকীয়াত তেওঁ প্ৰায় ৮ কোটি টকা পুঁজিৰে ৰূপায়ণ কৰিবলগীয়া শ্বহীদ পিয়লি ফুকন খেলপথাৰৰ উন্নয়ন আৰু সৌন্দর্যবর্ধন, বৰ গোধা পুখুৰীৰ পুনৰুজ্জীৱিতকৰণ, মহাত্মা গান্ধী উদ্যান আৰু বিষ্ণুৰাভা উদ্যানৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ড° শৰ্মাই তিনিচুকীয়া পৌৰসভাৰ অধীনত ১ কোটি ৫০ লাখ টকা ব্যয়সাপেক্ষ সমগ্ৰ সেৱা এপ্ মুকলি কৰে। এই এপ্ৰ জৰিয়তে নাগৰিকসকলে আৱৰ্জনা সংগ্ৰহৰ গাড়ীৰ অৱস্থা নিৰীক্ষণ কৰাৰ লগতে ঘৰতেই বহি সম্পত্তি কৰ পৰিশোধ আৰু ট্রেড লাইচেন্সৰ সুবিধা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া নগৰৰ বাট-পথ আৰু নলা-নৰ্দমা উন্নয়নৰ বাবে ২০০ কোটি টকাৰ আৱণ্টন দিয়া হ’ব বুলি প্ৰকাশ কৰে। সংহত জিলা আয়ুক্ত কাৰ্যালয় নিৰ্মাণৰ লগতে ৫০ কোটি টকা ব্যয়েৰে এহেজাৰ আসনবিশিষ্ট এটা আধুনিক প্রেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব বুলিও ড° শৰ্মাই উল্লেখ কৰে।

মুখ্যমন্ত্রী ড° শৰ্মাই আজি তিনিচুকীয়াত কেইবাটাও প্ৰকল্পৰ আধাৰিশলা স্থাপন কৰাৰ লগতে বিয়লি কচুজান খেলপথাৰত চলি থকা মৰাণ ক্রীড়া মহোৎসৱত অংশগ্ৰহণ কৰাৰ কথা ৷