ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে ৰাজ্যৰ ৩১ খন জিলাত এই অভিযান অব্যাহত আছে। কালি পর্যন্ত এই অভিযানত ৫৫৭ জন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ লগতে ৪৭৬টা গোচৰ ৰুজু কৰা হৈছে। শিশুৰ সুৰক্ষিত শৈশৱ আৰু উজ্বল ভৱিষ্যত নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই অভিযান অব্যাহত ৰখা হ’ব বুলিও তেওঁ সদৰি কৰিছে।
Assamese | October 29, 2026 11:52 AM | CM
ৰাজ্যৰ ৩১ খন জিলাত চলোৱা বাল্য বিবাহ বিৰোধী অভিযানত ৫৫৭ জন লোকক গ্ৰেপ্তাৰ, ৪৭৬টা গোচৰ ৰুজু