হোজাই জিলাৰ লংকাত এক নম্বৰ ৰে’ল গে’ৰ্টৰ ওপৰত নিৰ্মীয়মান উৰণ সেতুৰ কাম অতি লেহেমীয়া গতিত হৈ থকা কাৰ্যৰ বিৰোধিতা কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অঞ্চলটোৰ ৰাইজেও এই কাৰ্যসূচীত অংশ লয়। প্ৰতিবাদী জনসাধাৰণে বহু সময় ধৰি পথ অৱৰোধ কৰি ৰখাত ৰে‘লপথৰ দুয়ো কাষে বহুসংখ্যক বাহন আবদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তই এমাহৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি নিদিয়া পর্যন্ত পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি দাবী কৰে।
Assamese | May 22, 2025 6:59 PM | Hojai
হোজাইত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ