হোজাইৰ লংকা-লামডিং সংযোগী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু

হোজাই জিলাৰ লংকা-লামডিং সংযোগী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবলে প্ৰাণ হেৰুৱাই আৰু কেইবাগৰাকীও আৰক্ষী কৰ্মী আহত হয়।

প্রাপ্ত তথ্য অনুসৰি বিশেষ গোচৰৰ তদন্তৰ বাবে নিশা লংকাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ থানাৰ উপ পৰিদৰ্শক নিলোৎপল শ‍ইকীয়াৰ নেতৃত্বত যোৱা ৪ জনীয়া দলটো লংকা অভিমুখে উভতি অহাৰ পথত লাংডিং বনাঞ্চলৰ সমীপত পুৱতি নিশা তেওঁলোকৰ বাহনখন দুর্ঘটনাগ্রস্ত হয়। এই দুৰ্ঘটনাত দেৱাশীষ নাথ নামৰ এজন কনিষ্টবল নিহত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।