October 6, 2026 6:10 PM
2
কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোক থিতাতে নিহত
কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৩ জন লোক থিতাতে নিহত হয়। গুৱাহাটীৰ পৰা নগাওঁ অভিমুখী এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মৰাৰ ফলতে এই অঘটনটো ঘটে। মৃত লোককেইজনৰ ভিতৰত এগৰাকী মহিলা আৰু দুজন পুৰুষ আছে। আনহাতে, ৩ জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।