October 23, 2026 12:57 PM | Accident

printer

জখলাবন্ধাত সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত

জখলাবন্ধা আৰক্ষী থানাৰ অধীনৰ ৰাঙলুত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। প্রাপ্ত তথ্য মতে কালি নিশা মটৰ চাইকেলেৰে তিনিজন আৰোহী উজনি অভিমুখে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনৰ সৈতে খুন্দা লাগে। মটৰ চাইকেল আৰোহী বাবাতু চাওতাল আৰু কিষুণ চাওতাল নামৰ যুৱক দুজন থিতাতে হয় আৰু আনগৰাকী আৰোহী কৰণ চাওতাল গুৰুতৰভাৱে আহত হয়। আহত চাওতালক স্থানীয় ৰাইজে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎ‍সালয়ত ভর্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ চালক আৰু আৰোহী ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও জখলাবন্ধা আৰক্ষীয়ে বাহনখনৰ চালক আৰু আৰোহীৰ সন্ধানত অভিযান তীব্ৰ কৰি তুলিছে।