মহাৰাষ্ট্ৰত আজি হোৱা এটা পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন আহত হয়। মধ্য প্ৰদেশৰ চাকাৰা জিলাৰ পুণে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া এখন বাহনে এখন ট্রাকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে চাৰিচকীয়া বাহনখন পুনেৰ পৰা চাটাৰা অভিমুখে আহি থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত আৰু পাছত ট্ৰাকত খুন্দা মৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
আহত লোক দুজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰিছে।