August 11, 2026 2:44 PM

views 4

মহাৰাষ্ট্ৰত হোৱা এটা পথ দুৰ্ঘটনাত ৪জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰত আজি হোৱা এটা পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন আহত হয়। মধ্য প্ৰদেশৰ চাকাৰা জিলাৰ পুণে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া এখন বাহনে এখন ট্রাকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে চাৰিচকীয়া বাহনখন পুনেৰ পৰা চাটাৰা অভিমুখে আহি থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত আৰু পাছত ট্ৰাকত খুন্দা মৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত লোক দুজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰিছে।

January 19, 2026 2:12 PM

views 51

মহাৰাষ্ট্ৰৰ নাচিক জিলাত পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত

মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ মালেগাওঁ-মানমাদ ঘাইপথত আজি সংঘটিত এটা পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত হোৱাৰ লগতে ২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। লগতে আন ২০ গৰাকী যাত্ৰী সামান্যভাৱে আহত হয়। মালেগাঁৱৰ ৱাৰহানে গাঁৱৰ সমীপত পুৱতি নিশা ৩ বজাৰ আশে পাশে পুনেৰ পৰা মালেগাওঁ অভিমুখী এখন ব্যক্তিগত যাত্রীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী বাহনৰ মাজত মুখামুখি সংঘর্ষ হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে।

June 19, 2025 5:05 PM

views 77

পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত, প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱা ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। একেদৰে দুৰ্ঘটনাত আহত সকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে। শ্রীমোদীয়ে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে। উল্লেখযোগ্য যে পুনেত কালি সন্ধিয়া সংঘটিত এই পথ দুৰ্ঘটনাত ৮ জন লোক থিতাতে নিহত হোৱাৰ লগতে ৫ জন গুৰুতৰভাৱে আহত হৈছিল। এখন তীব্রবেগী ...

May 20, 2025 8:44 PM

views 56

মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালৰ শপত গ্ৰহণ

জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালে আজি মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি ৰাজভৱনত মন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু অজিত পাৱাৰ উপস্থিত থাকে।

May 20, 2025 12:54 PM

views 57

চগন ভুজবলক আজি মহাৰাষ্ট্ৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত

এন চি পিৰ জ্যেষ্ঠ নেতা চগন ভুজবলক আজি মহাৰাষ্ট্ৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব। পুৱা ১০ বজাত হ'বলগীয়া শপতগ্রহণ অনুষ্ঠানত জ্যেষ্ঠ নেতা ভূজবলক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে একনাথ সিন্ধেৰ মুখ্যমন্ত্ৰিত্বৰ কালতো ভূজবলে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

March 4, 2025 6:21 PM

views 66

মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ

মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেই আজি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। তেওঁ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে, তেওঁ শ্ৰী মুণ্ডেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী কাৰ্যব্যৱস্থাৰ বাবে পদত্যাগ পত্ৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণলৈ প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ বিড জিলাৰ মাছাজোগ গাঁৱৰ মুৰববী সন্তোষ দেশমুখক হত্যাৰ অভিযোগত শ্ৰী মুণ্ডেৰ এজন ঘনিষ্ঠ জড়িত থকাৰ তথ্য স্পষ্ট হোৱাৰ পাছতে মন্ত্ৰীগৰাকীয়ে পদত্যা...

December 15, 2024 9:08 PM

views 51

মহাৰাষ্ট্ৰত শাসনাধিস্থিত মহাযুটী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

মহাৰাষ্ট্ৰত আজি শাসনাধিস্থিত মহাযুটী মন্ত্ৰীসভাৰ বহু প্ৰতিক্ষিত সম্প্ৰসাৰণ সম্পন্ন হৈছে। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই আজি নাগপুৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ ১৬ গৰাকী, শিৱসেনাৰ ১০ গৰাকী, আৰু এন চি পিৰ ৮ গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। উল্লেখযোগ্য নেতাসকলৰ ভিতৰত মহাৰাষ্ট্ৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাৱনকুলে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ লগতে দলৰ নেতা ৰাধা কৃষ্ণ ভিখে পাৰ্টিল, চন্দ্ৰকান্ত পাৰ্টিল আৰু গিৰি...

December 5, 2024 8:21 PM

views 70

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে বিজেপি-শিৱসেনা-এন চি পি মিত্রজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছে।মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্রীফাড়নাবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰ...

December 4, 2024 12:00 PM

views 59

মহাৰাষ্ট্ৰত নৱনিৰ্বাচিত বিজেপি বিধায়িনী দলৰ আজি নতুন নেতা নিৰ্বাচন

মহাৰাষ্ট্ৰত নৱনিৰ্বাচিত বিজেপি বিধায়িনী দল আজি মুম্বাইত মিলিত হ'ব আৰু বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰিব। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইতিমধ্যে দলটোৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীক আজিৰ এই বৈঠকৰ বাবে হাইকামাণ্ডৰ পৰ্যবেক্ষক ৰূপে নিযুক্ত কৰিছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিদায়ী মন্ত্ৰীসভাৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে...

November 29, 2024 9:12 PM

views 53

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হয়। ভাণ্ডাৰাৰ পৰা গণ্ডিয়ালৈ গৈ থকা ৰাজ্যিক পৰিবহণ বাছখন বিন্দ্ৰাভন টোলা গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনাটোত ৯ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৩০ জন লোক আহত হয়। আহতসকলক গণ্ডিয়া জিলা চিকিৎসালয়লৈ ভর্তি কৰোৱা হয়। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক সহায় কৰিবলৈ জিলা বিষয়াসকলক নির্দেশ দিছে। মুখ্যমন্ত্রী একনাথ সিন্ধে ই এই দুৰ্ঘটনাত...