মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেই আজি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। তেওঁ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে, তেওঁ শ্ৰী মুণ্ডেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী কাৰ্যব্যৱস্থাৰ বাবে পদত্যাগ পত্ৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণলৈ প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ বিড জিলাৰ মাছাজোগ গাঁৱৰ মুৰববী সন্তোষ দেশমুখক হত্যাৰ অভিযোগত শ্ৰী মুণ্ডেৰ এজন ঘনিষ্ঠ জড়িত থকাৰ তথ্য স্পষ্ট হোৱাৰ পাছতে মন্ত্ৰীগৰাকীয়ে পদত্যাগৰ সিদ্ধান্ত লয়। বিৰোধী দল আৰু বিজেপিৰ বিধায়ক এজনে মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিছিল।
Assamese | March 4, 2025 6:21 PM | maharastra
মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ