August 1, 2026 1:20 PM | Accident

printer

বাক্সাৰ লক্ষীপথাৰত মটৰ চাইকেল দুর্ঘটনাত এজন আৰক্ষী নিহত, আন এজন গুৰুতৰভাৱে আহত

বাক্সা জিলাৰ লক্ষীপথাৰত কালি সন্ধিয়া সংঘটিত মটৰ চাইকেল দুর্ঘটনাত এজন আৰক্ষী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। লক্ষীবজাৰৰ এবছু কাৰ্যালয়ৰ ওচৰত ৰখাই থোৱা ভূটানৰ এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত মটৰ চাইকেলখন দুর্ঘটনাগ্রস্ত হোৱা বুলি আৰক্ষী সূত্রই প্রকাশ কৰে। এই দুর্ঘটনাত জিলাখনৰ কুঁজিদেওৰ বড়োচুবাৰ ৰাকেশ বড়ো নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ লগতে একে গাঁৱৰে বসন্ত বড়ো নামৰ যুৱকজন গুৰুতৰভাবে আহত হয়। দুয়োগৰাকীকে চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত ৰাকেশ বড়োক চিকিৎসকে মৃত ঘোষণা কৰে।