April 3, 2024 7:09 PM

views 125

মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰত অগ্নিকাণ্ডত একে পৰিয়ালৰ ৭ জন লোকৰ মৃত্যু

◊ মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰ এলেকাত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৭ জন লোকে প্ৰাণ হেৰুৱায়। পুৱতি নিশা প্ৰায় ৩ বজাত এটা তিনিমহলীয়া ভৱনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ মাজত পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু দুটি শিশুও আছিল। ঘটনাটোৰ পাছত মৃতদেহকেইটা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে সম্প্রতি অনুসন্ধান চলাই আছে।

March 29, 2024 9:59 PM

views 44

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত, ১০জন লোক নিহত

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত এখন যাত্রীবাহী বাহন পথৰ পৰা এটা দ খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি মাজনিশা বহিঃৰাগত শ্রমিকক কঢ়িয়াই নিয়া এখন বাহন এটা এহেজাৰ ফুট গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই অঘটনটো ঘটে। বর্তমানলৈকে খাৱৈটোৰ পৰা ১০টা শৱদেহ উদ্ধাৰ কৰা হৈছে।