শিৱসাগৰৰ বগীদ’লত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। চাইকেল আৰোহী জমিউদ্দিন আলী নামৰ লোকজনক ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। নিহত জমিউদ্দিন আলী বয়স আছিল ৬৮ বছৰ।
Assamese | January 9, 2026 1:53 PM | Accident
শিৱসাগৰৰ বগীদলত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু