শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে গহপুৰৰ বজাৰগে’টৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সন্ধিয়া সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ জন বাইক আৰোহী নিহত হয়। জানিব পৰা মতে দুৰ্ঘটনাত পতিত লোককেইজনে একেখন বাইকত উঠি দুর্গাপূজাৰ মণ্ডপ দৰ্শন কৰিবলৈ গৈছিল।
ইফালে, ধুবুৰী জিলাৰ গোলকগঞ্জৰ দক্ষিণ ৰায়পুৰৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো এটা পথ দুর্ঘটনা সংঘটিত হয়। কালি বিয়লি পদপথৰ এটা কুকুৰক বচাবলৈ গৈ এখন অল্টা বাহন দুর্ঘটনাত পতিত হয়। ফলত বাহনখনত থকা ছজন যাত্ৰীৰ গুৰুতৰভাৱে আহত হয়। আহত আটাইকে সম্প্রতি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।