হোজাই জিলা আয়ুক্তই লংকাৰ দুই নম্বৰ ৰে’ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ’ব বুলি আশ্বাস দিছে। উল্লেখযোগ্য যে বিগত ৭-৮ বছৰ ধৰি লংকা চহৰলৈ প্ৰৱেশ কৰা মূল পথৰ দুই নম্বৰ ৰে’ল গে’টৰ ওপৰত উৰণ সেতুখন নিৰ্মাণ হৈ আছে। উৰণ সেতুখন লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি কিছুদিন পূৰ্বে উৰণ সেতুখন নিৰ্মাণৰ অজুহাতত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ বিৰুদ্ধে লংকা চহৰলৈ অহা- যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি কেইবাটাও স্থানীয় দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পাছতে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, উৰণ সেতুৰ কৰ্তৃপক্ষ, স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত অহা ৩১ আগষ্টৰ ভিতৰত উৰণ সেতুখন মুকলি কৰি দিয়া হ’ব বুলি জিলা আয়ুক্তই আশ্বাস প্ৰদান কৰে।
Assamese | May 27, 2025 8:05 PM | Hojai
লংকাৰ দুই নম্বৰ ৰে’ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি