July 10, 2026 11:04 AM | Bimal Bora

printer

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পই ২৭ হাজাৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব : মন্ত্রী বিমল বৰা

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পই ২৭ হাজাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে থলুৱা অসমীয়া দক্ষতাসম্পন্ন যুৱক-যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অসমৰ ৫০৮ গৰাকী মহিলাই নাৰ্ছপুৰা আৰু হোছুৰৰ টাটা ইলেকট্রনিক্‌ৰ সুবিধাসমূহত ছেমি কণ্ডাক্টৰ পেকেজিং আৰু ইলেক্ট্রনিক সামগ্রী নিৰ্মাণৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে উচ্চ প্রযুক্তি সম্পন্ন উদ্যোগত কাম কৰাৰ বাবে প্রয়োজন হোৱা দক্ষতা আহৰণ কৰাৰ বাবে এহেজাৰ ৮০০ গৰাকী থলুৱা যুৱক যুৱতীক বাংগালুৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। দক্ষ কর্ম শক্তি গঢ়ি তুলিবলৈ ডিব্রুগড় বিশ্ববিদ্যালয়ে অর্ধপৰিবাহী তত্ব আৰু প্রয়োগ বিষয়ক স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম প্ৰবৰ্তন কৰিছে আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ে ডিজিটেল উৎপাদন প্রযুক্তিৰ ডিপ্লমা পাঠ্যক্রম যুগুতাই উলিওৱাৰ কাম আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ কয়, যে এই প্রকল্পৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০ হাজাৰ ২৫৫ কোটি আৰু অসম চৰকাৰে অতিৰিক্ত ৩ হাজাৰ ৭৮৯ কোটি টকাৰ বিত্তীয় সাহায্য হিচাপে অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই বৃহৎ উদ্যোগৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱাৰ দিশত আগবাঢ়িব। প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ উৎপাদন প্রকল্পটোৱে ৰাজ্যৰ জনসাধাৰণৰ বাবে যুগান্তকাৰী সুবিধা কঢ়িয়াই আনিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই বিশ্বমানৰ সুবিধাটোবে উন্নত পেকেজিং প্রযুক্তি বিদ্যাত বিশেষ মাত্রা প্রদান কৰিব আৰু মটৰ গাড়ী, দূৰ-সংযোগ, কৃত্রিম বুদ্ধিমত্তা তথা ইলেকট্রনিক্‌ৰ দৰে মূল উদ্যোগসমূহৰ বিকাশত সহায় কৰিব। তেওঁ লগতে DHL, CONCOR, NIPPON EXPRESS আৰু আন ভালেমান উদ্যোগে জাগীৰোডত ব্যবসায়িক গোট স্থাপন কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। প্ৰকল্পটোৰ বাবেই গুৱাহাটী, নগাঁও, তেজপুৰ আৰু ডিব্ৰুগড়ত নতুন উদ্যোগ, পৰিবহণ সেৱা আৰু ক্ষুদ্র উদ্যোগ গঢ় লৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।