গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আমিনগাওঁৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভা অনুষ্ঠিত

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি আমিনগাওঁৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়।

ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চামচনে সভাপতিত্ব কৰা সভাত ভূ-অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কার্তিক এন উপস্থিত থাকে।

সভাত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, দৰং জিলাৰ জিলা আয়ুক্ত আয়ুষী জৈন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰকল্পটোৰ বৰ্তমানৰ অগ্ৰগতি আৰু সময়মতে ৰূপায়ণ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সভাত অৱগত কৰায়।