December 26, 2025 6:08 PM

views 75

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য' শীর্ষক আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰে। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অন্দিম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত কবি-সমালোচক তথা গুৱাহাটী বিশ্ববিদ...

December 14, 2025 8:31 PM

views 54

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী দগৰ চন্দ্ৰ ৰাভাৰ দেহাৱসান

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী দগৰ চন্দ্ৰ ৰাভাৰ আজি গুৱাহাটীৰ আৰ্যনগৰ ভাস্কৰ নগৰৰ নিজা বাসভবনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণীৰ বিভিন্ন কেন্দ্ৰত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা ৰাভা এগৰাকী প্ৰকৃত জ্ঞানপিপাসু ব্যক্তি আছিল। তেওঁৰ ব্যক্তিগত পুথিভঁৰালত সাহিত্য, সংস্কৃতি, ইতিহাস, আধ্যাত্মিক, সমালোচনা আদি বিভিন্ন বিষয়ৰ অসমীয়া, ইংৰাজী, বাংলা, হিন্দী, ৰাভা আৰু বড়ো ভাষাকে ধৰি বিভিন্ন ভাষাৰ কেইবা হাজাৰ গ্ৰন্থই স্থান পাইছে। ৰাভাৰ মৃত্যুত আকাশবাণী...

November 28, 2025 9:12 PM

views 55

আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশন

আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশনৰ বাবে পৰহিলৈ আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত এটা বর্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেওবাৰে দিনৰ ১১ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ চৌহদৰ বাসিন্দাসকলৰ লগতে বহু কেইগৰাকী আমন্ত্রিত শিল্পীয়ে দুয়োগৰাকী শিল্পীৰ গীত পৰিৱেশন কৰিব।

November 21, 2025 8:16 PM

views 70

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱাৰ্ট শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা প্ৰচাৰণ বন্ধ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱাৰ্ট শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান এশ ৱাৰ্ট শক্তিসম্পন্ন আন এটা ট্রান্সমিটাৰৰ পৰা এফ এম মডত অনুষ্ঠান সূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত এফ এম ট্রান্সমিটাৰৰ এণ্টেনা উন্নীতকৰণৰ বাবে অহা ২৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰচাৰণ বন্ধ কৰা হ'ব। ২৮ নৱেম্বৰৰ পৰা গুৱাহাটী...

November 11, 2025 7:39 PM

views 76

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ আদালত বর্জন কার্যসূচী

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতাৰে আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে আদালত বর্জন কার্যসূচী অনুষ্ঠিত কৰে। সেই অনুসৰি অধিবক্তাসকল আজি আদালতৰ কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে। উল্লেখযোগ্য যে আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতা কৰি কালি অধিবক্তাসকলে এটা প্ৰতিবাদী সমদল উলিয়াইছিল। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছে।

October 27, 2025 9:03 PM

views 102

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক

গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰণ্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক কৰে। সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিশপুৰ থানাত দুয়োকে সোধা-পোচা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ এটা গোচৰত কালি আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয...

September 5, 2025 8:36 PM

views 77

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৩জন লোকক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে আজি ঠিকাদাৰী প্ৰতিষ্ঠানৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। নলা নিৰ্মাণৰ সময়ত সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আৰক্ষীয়ে ভার্তিয়া ইনফ্রা প্রকল্প লিমিটেডৰ সঞ্চালক অবিনাশ ভার্তিয়া, নিৰাপত্তা অভিযন্তা কৌশিক গগৈ আৰু উপ প্ৰকল্প প্ৰৱন্ধক প্ৰসন্ন জিৎ পাঠকক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংক্রান্তত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ আৰু অধিক লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জনাইছে। উল্লেখযোগ্য যে মৃত শিশুটিৰ পিতৃ...

August 7, 2025 7:11 PM

views 108

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপনৰ উদ্দেশ্যে কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰ আয়োজন

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰ শীৰ্ষক কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই এই প্রতিযোগিতা পৰিচ...

August 1, 2025 6:27 PM

views 50

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান কৰা হৈছে। আকাশবাণীৰ সঞ্চালকালয়ে শ্ৰীবৰুৱাক সংগীতৰ প্ৰযোজনাৰ ক্ষেত্ৰত সৰ্বোচ্চ স্বীকৃতি প্ৰদান কৰা পত্ৰ খন আজি আকাশবাণী গুৱাহাটীত কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ অনুপম চৌধুৰীৰ পাছত এই স্বীকৃতি লাভ কৰা শ্ৰীবিপুল বৰুৱা হৈছে অসমৰ দ্বিতীয়গৰাকী সংগীত শিল্পী। সু-প্রসিদ্ধ সুৰকাৰ মুকুল বৰুৱাৰ পুত্ৰ শ্ৰীবিপুল বৰুৱাই আকাশবাণীৰ...

July 23, 2025 8:13 PM

views 53

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। শেষকৃত্যৰ পূৰ্বে সাহিত্যিকগৰাকীক নলবাৰীৰ ছহিদ বাকৰিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই সাহিত্যাচার্য সন্মানেৰে সন্মানিত কৰা সাহিত্যিকগৰাকীৰ আজি ৮৩ বছৰ বয়সত দেহাৱসান ঘটে। যোৱা দুবছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ অন্তত নলবাৰীৰ নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়। নলবাৰী জিলা সাহিত্য সভাই নলবাৰী ৰত্ন সন্মান আগবঢ়োৱা ড০ ভট্টাচাৰ্যৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্...