আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৪৮ চনৰ পহিলা জুলাইত আকাশবাণী শ্বিলং-গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মেহেৰা মাছানী।

কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল।

পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেন ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ড° মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ড° ভূপেন হাজৰিকা, খগেন মহন্ত, লুটফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অৱন বৰপূজাৰী, নিৰেন বৰুৱা আদিৰ দৰে অনেক গুণী-জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে।

আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলেও নিতৌ শ্রোতাৰ উপযোগী ন-ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘ওপজা দিনৰ সুৱাস’ শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অনুষ্ঠানটি সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্রীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মনজ্যোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূর্বে প্রকাশিত ‘আকাশী’ আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ’ব।

এই অনুষ্ঠানতে আকাশবাণীৰ ৯০ বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই-মেগাজিনখনো উন্মোচন কৰা হ’ব।
ইফালে, প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হ’ব।

ইপিনে আকাশবাণী তেজপুৰ কেন্দ্ৰৰো আজি প্ৰতিষ্ঠা দিৱস। ২০০০ চনৰ ১ জুলাইত তেজপুৰৰ মৰাভৰলীত কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হৈছিল। ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।